ASSAMESE(CLASS-8):LESSON-18: গুৰু গৃহত মাধৱ

 পাঠঃ ১৮: গুৰুৰ গৃহত মাধৱ


১) একোটিকৈ বাক্যত উত্তৰ লিখা ।

ক) শংকৰদেৱক শুই থকা অৱস্থা কোনে জাগাইছিল ?

উত্তৰঃ শংকৰদোৱক শুই থকা অৱস্থাত হৰিচন্দই জগাইছিল।

খ) বিষ্ণুপ্ৰিয়াক  কাৰ সৈতে বিয়া দিয়াৰ কথা  ওলাইছিল ?

উত্তৰঃ বিষ্ণুপ্ৰিয়াক মাধৱদেৱৰ সৈতে বিয়াৰ দিয়া কথা ওলাইছে।

গ) পদশ্বেতছত্ৰছায়াত কথাটোৱে কি বুজাইছে ?

উত্তৰ ঃ মাধৱদেৱে শংকৰদেৱৰ অভয় পদৰ সত্ৰ-ছায়াত জিৰাব খোজা কথাটো বুজাইছে। 

ঘ) শংকৰদেৱৰ পত্নীয়ে তেওঁক কি বুলি সম্বোধন কৰিছিল  ?

উত্তৰঃ শংকৰদেৱৰ পত্নীয়ে তেওক ৰামানন্দ বাপ বা হৰিজন বাপ বুলি সম্বোধন কৰিছিল।

ঙ)  চোট আতা কোন ?

উত্তৰঃ চোট আতা মহাপুৰুষ মাধৱদেৱ।

২) মাধৱদেৱে শংকৰদেৱৰ ভিতৰত কি দেখিছিল বৰ্ণনা কৰা ?

উত্তৰঃ এদিন শংকৰদেৱে মাধৱদেৱক চাউল সিজোৱা সাবলৈ কোৱাত মাধৱদেৱে ভিতৰত সোমাই ৰান্ধনিঘৰ চালোগৈ। তেতিয়া তেওঁ দেখিছিল যে শংকৰদেৱৰ পন্তীয়ে ৰান্ধনীঘৰৰ এচুকত ভিতা বান্ধি ঘট পাতি আমডালি আৰু এঁৱাসূতাদি থৈছে।

৩)  মাধৱদেৱে গুৰুপত্নীক কি কি  কৰিছিল বুজাই লিখা ।

উত্তৰঃ মাধৱদেৱে গুৰুপন্তীক কৈছিল যে গুৰুপত্নীয়ে মাধৱৰ গুৰুজনক কি বুলি মাতিছে আৰু কি বুলি সম্বোধন কৰে। লগতে আৰু কৈছিল যে গুৰুপত্নীয়ে কেনেদৰে শয়ন কৰে। মাধৱদেৱে গুৰুপত্নীক শংকৰদেৱক আমাৰ গোহাঁই বুলি মাতিবলৈ আৰু নাভিৰ ওচৰত মথা থৈ শয়ন কৰিবলৈ কৈছিল।আৰু বিছনাত উঠোতে সেৱা কৰি উঠিব কৈছিল।

৪) গোসানীয়ে বিষ্ণুপ্ৰিয়াক মাধৱদেৱলৈ বিয়া দিবলৈ বিচৰা কথাটো শুণি মাধৱদেৱে গুৰুক কি কৈছিল , তোমাৰ কথাৰে লিখা ।

উত্তৰঃ গোঁসানীয়ে বিষ্ণুপ্ৰিয়াক মাধৱদেৱলৈ বিয়া দিৱলৈ বিচৰা কথাটো শুনি মাধৱদেৱে গুৰুক  কৈছিল- যে গুৰুৰ সকলো কথা চলিব যদিও মাধৱদেৱে এটা কথা ৰাখিব নোৱাৰিব। জীৱৰ কুশলৰ হেতুকে তেওঁ শংকৰদেৱৰ ওচৰত শৰন লৈছে। পশু-পখিয়ো বিষয় বাষনাও মজি থাকে। তেওঁ সেই আসা কৰা নাছিল। শংকৰদেৱে গড় বান্ধি যুজঁ দিয়াৰ উত্তৰত এইদৰে কৈছিল যে গড় বান্ধি যুজিঁলে যোদ্ধা আৰু বিনাগাড়ে যুজিঁলে মহাযোদ্ধা।এইবুলি কৈ শংকৰদেৱে অভয় পদত সত্ৰছায়াত আশ্ৰয় লব বিচাৰিছে।  

৫) গুৰুপত্নীয়ে বিষ্ণুপ্ৰয়াক মধৱদেৱলৈ বিয়া দিৱ নোৱাৰি তেওঁ দ্বাৰা কি কি কৰাইছিল ? তাৰক পৰিণতিতি মাধৱদেৱে কি কৰিছিল ?

উত্তৰঃ গুৰু পত্নীয়ে নিজৰ ছোৱালিক বিষ্ণুপ্ৰিয়াক মাধৱদেৱলৈ বিয়া দিৱ নোৱাৰি তাইৰ দ্বাৰা মাধৱদেৱৰ পৰিচৰ্চা কৰিছিল। কঠ পাৰি দিছিল আৰু তামোল পান আনি দিছিল। মাধৱদেৱৰ বহালৈ গৈ মাছ, গাখীৰ, খাক, লোণ, তেল, জলকীয়া, বেঙেনা, আদি বস্তু  দি আহিছিল। আৰু বিছনাখনো তেওঁ জৰি-জোকাৰি পাৰি দিছিল। পিছত এদিন চোটা আতা মাধৱদেৱে গুৰু কন্য়া বিষ্ণুপ্ৰিয়াক কান্ধত তুলি গুৰু ওচৰত নি থৈ আহিছিল। 

৬)  লিংগ পৰিৱৰ্তন কৰা ।

গোসাঁই =     গোসাঁনী।
 ভকত =      ভকতনী।
 স্বামী  =       পত্নী।
 বান্ধৱ =      বান্ধৱী।
 পিতৃ =        মাতৃ।
 ককাইদেউ = বৌ, বাইদেও 

৭) সমাৰ্থক শব্দ লিখাঃ
    
শশী       =    জোন।
ৰবি        =     সূৰ্য্য়।
সদাশিৱ=     মহাদেৱ।
নৌকা    =     নাও ।
গুৰু      =      শিক্ষক।
শয়ন     =      শোৱা ।
শৰ্য্যা     =      বিছনা ।
চিত      =       বিছনা।
মাতৃ      =       আই ।
বৈৰী     =       শত্ৰু।

৮। উদাহৰণৰ দৰে বাক্য সাজাঃ

উদাহৰণ: টিকটিকীয়া ৰঙা ৰঙৰ ফ্ৰকটোৰ তৰগৰক বৰকৈ শুৱাইছে । 
কিচ্কিচীয়া, মলমলীয়া, চেংচেঙীয়া, গুণগুণনী, ফুচ্ফুচ্কৈ, ধক্ধকীয়া

কিচকিচীয়াঃ সীতাৰ চুলি কোচা কিচকিচীয়া  কোলা।

মলমলীয়া  ঃ ফুল পাহ ফুলাত  মলমলীয়া  গোন্ধ ওলাইছে।

চেংচেঙীয়াঃ  বহাগত চেংচেঙীয়া  ৰদ দিয়ে।

গুণগুণনি ঃ  বাগিছাত ভোমোৰাৰ  গুণগুণনী  উঠিবলৈ পোৱা যাৱ।

ফুচফুচকৈঃ সকলো ছাত্ৰ-ছাত্ৰী উপস্থিতিত দুজনে  ফুচফুচকৈ  কথা কোৱাটো বেৱা অভ্য়াস।

ধকধকীয়া ঃ মহাপুৰুষ শংকৰদেৱে  ধকধকীয়া  বগা কাপোৰ পিন্ধিছিল।

৯। চৰিত-তোলা প্ৰথাৰ বিষয়ে শিক্ষকৰ সহায়ত জানি লোৱা । 

উত্তৰঃ 

১০। অভিধান চাই অৰ্থ লিখাঃ (শিক্ষকৰ সহায় ল'বা)
ছৱা, পতিলা, কুহলিএ, অঞ্জন, মঞ্জৰি, বিশ্ৰুতি, তোম্ৰা । 
 

Post a Comment

Previous Post Next Post