SOCIAL SCIENCE (CLASS-8) :LESSON-13: মানৱ ভূগোল

 

মানৱ ভূগোল | Lesson 13 | 

Class 8 Social Science Question and Answer Assam Jatiya Bidyalay | 

অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


পাঠ ১৩:: মানৱ ভূগোল


1. চমু উত্তৰ দিয়া।

a. ভূগোল কি?

উত্তৰঃ গোলাকাৰ পৃথিৱীখনৰ বিষয়ে কৰা অধ্য়য়নেই হৈছে ভূগোল।

b. পৰিৱেশ বুলিলে কি বুজা?

উত্তৰঃ আমাৰ চাৰিওফালে থকা ৰাস্তা-ঘাত, দলং, বজাৰ, গছ-গছনি, পৰ্বত-পাহাৰ, চৰাই-চিৰিকতি, মানুহ-দুনুহ সকলোবোৰকে একেলগে পৰিৱেশ বোলে।

c. প্ৰাকৃতিক ভূগোল কাক বোলে?

উত্তৰঃ ভূগোলৰ যিটো শাখাই প্ৰাকৃতিক পৰিৱেশ যেনে মাটি, পানী আৰু বায়ুমণ্ডল আদিৰ বিষয়ে অধ্য়য়ন কৰে তাকে প্ৰাকৃতিক ভূগোল বোলে।

d. মানৱ ভূগোল কাক বোলে?

উত্তৰঃ ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে অধ্য়য়ন কৰে তাকে বহলভাৱে মানৱ ভূগোল বোলে।

e. ঠাইভেদে জনসংখ্যা ঘন আৰু পাতল হোৱাৰ কাৰণ লিখা।

উত্তৰঃ ঠাই অনুসৰি জলবায়ু বেলেগ বেলেগ হোৱাৰ বাবে ঠাইভেদে জনসংখ্য়া ঘন আৰু পাতল হোৱা দেখা যায়।

2. পাৰ্থক্য লিখাঁ।

a. প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল।

উত্তৰঃ প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোলৰ মাজত পাৰ্থক্য় হৈছে 一

- প্ৰাকৃতিক ভূগোলত প্ৰকৃতিৰ বিষয়ে অধ্য়য়ন কৰা হয়। আনহাতে মানৱ ভূগোলত মানুহৰ বিষয়ে অধ্য়য়ন কৰা হয়।

b. সমভূমিৰ কৃষি আৰু পাহাৰীয়া কৃষি।

উত্তৰঃ সমভূমিৰ কৃষি আৰু পাহাৰীয়া কৃষিৰ মাজত পাৰ্থক্য় হৈছে 一


3. মানৱ ভূগোলৰ পৰিসৰ সম্পৰ্কে লিখা।

উত্তৰঃ মানৱ ভূগোলৰ পিতৃস্বৰূপ হ'ল জাৰ্মান গৱেষক ফ্ৰেডৰিক ৰেটজেল। মানৱ ভূগোলে পৃথিৱীৰ অৱস্থা, পৃথিৱীপৃষ্ঠত বাস কৰা জনসংখ্য়াৰ বিতৰণ, বিভিন্ন পৰিৱেশত মানুহে পৰিৱেশৰ লগত স্থাপন কৰা সম্পৰ্ক আদিৰ কথা সামৰি লয়। দৰাচলতে মানৱ ভূগোল হ'ল মানুহ আৰু সমাজে প্ৰাকৃতিক পৰিৱেশত স্থাপন কৰা নিবীড় সম্পৰ্ক।

4. মানৱ ভূগোলৰ বিষয়বস্তু সম্পৰ্কে লিখা।

উত্তৰঃ মানুহ আৰু পৃথিৱীৰ মাজত থকা স্বাভাৱিক সম্পৰ্কই হৈছে মানৱ ভূগোলৰ বিষয়বস্তু। মানৱ ভূগোলত প্ৰকৃতি আৰু মানুহৰ কথা আলোচনা কৰা হয়। প্ৰকৃতিয়ে মানুহৰ ওপৰত অবিৰতভাৱে প্ৰভাৱ বিস্তাৰ কৰে। ঠিক সেইদৰে মানুহেও প্ৰকৃতিৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলিবলগীয়া হয়। প্ৰসিদ্ধ ভূগোলবিজ্ঞানী এলেন চাৰ্চিল চেম্পেলৰ( Miss Semple ) মতে, "ভূগোল হৈছে গতিশীল মানুহ আৰু অস্থিৰ পৃথিৱীখনৰ মাজত থকা পৰিবৰ্তনশীল সম্পৰ্কৰ অধ্য়য়ন।" ( Human geography is the study if the changing relationship between the un resting man and unstable Earth )


5. প্ৰাকৃতিক পৰিৱেশে মানুহৰ ওপৰত কেনে ধৰণে প্ৰভাৱ বিস্তাৰ কৰে লিখা।

উত্তৰঃ 

***************************

Post a Comment

Previous Post Next Post