SOCIAL SCIENCE (CLASS-8):LESSON-10: অৰ্থনৈতিক বা আৰ্থিক ব্য়ৱস্থা

 

অৰ্থনৈতিক বা আৰ্থিক ব্যৱস্থা | দশম অধ্যায় | Lesson 10 | | Class 8 Social Science Answer Jatiya Bidyalay |Assam Jatiya Bidyalay | অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনৈতিক বা আৰ্থিক ব্যৱস্থা পাঠৰ প্ৰশ্ন আৰু উত্তৰ |


পাঠ ১০:: অৰ্থনৈতিক বা আৰ্থিক ব্যৱস্থা


1. উত্তৰ লিখাঁ।

a. অৰ্থনৈতিক ব্যৱস্থা কি?

উত্তৰঃ এখন দেশৰ উৎপাদন, বিতৰণ আৰু উপভোগৰ লগত জড়িত হৈ থকা বিভিন্ন অনুষ্ঠানবোৰক একগোঠভাৱে অৰ্থনৈতিক ব্য়ৱস্থা বোলে।

b. দেশ এখনৰ অৰ্থব্যৱস্থাই কেণেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে?

উত্তৰঃ 


c. অৰ্থনৈতিক ব্যৱস্থাসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ অৰ্থনৈতিক ব্যৱস্থাসমূহক তিনিটা ভাগত ভগাব পাৰি আৰু সেইকেইটা হৈছে 一 পুঁজিবাদ, সমাজবাদ আৰু মিশ্ৰ অৰ্থনীতি।

2. পুঁজিবাদ কি? পুঁজিবাদৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ যি অৰ্থনৈতিক ব্য়ৱস্থাত ব্য়ক্তিগত সম্পত্তিৰ প্ৰাধান্য় দেখা যায় আৰু যি ব্য়ৱস্থাত কেৱল মুনাফা অৰ্জনৰ বাবে উৎপাদন কাৰ্য পৰিচালিত হয়, সেই অৰ্থ ব্য়ৱস্থাই হৈছে পুঁজিবাদ।

ইয়াৰ চাৰিটা বৈশিষ্ট্য় হৈছে 

(i) পুঁজিবাদ ব্য়ৱস্থাত উৎপাদনৰ আহিলাসমূহৰ গৰাকী হ'ল পুঁজিপতিসকল, ৰাষ্ট্ৰ নহয়।

(ii) পুঁজিবাদ ব্য়ৱস্থাত অৰ্থনৈতিক সিদ্ধান্তসমূহ বজাৰৰ দুটা শক্তি চাহিদা আৰু যোগানে নিৰ্ধাৰণ কৰে।

(iii) পুঁজিবাদ ব্য়ৱস্থাত গ্ৰাহকশ্ৰেণীয়ে মুক্তভাৱে নিজৰপছন্দ-অপছন্দ বজাৰত প্ৰকাশ কৰিব পাৰে।

(iv) পুঁজিবাদী অৰ্থনীতিত শ্ৰমিকে নিজৰ ইচ্ছা অনুযায়ী কাম-কাজ বিচাৰি ল'ন পাৰে আৰু নিজৰ সামৰ্থ্য় অনুযায়ী উপাৰ্জনো কৰিব পাৰে।

3. সমাজবাদ কি? সমাজবাদৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ যি অৰ্থনৈতিক ব্য়ৱস্থাত কোনো ব্য়ক্তিগত সম্পত্তি থাকিব নোৱাৰে, সকলো উৎপাদন ব্য়ৱস্থা, সা-সম্পত্তি ৰাষ্ট্ৰৰ বুলি গণ্য় কৰা হয় আৰু দেশৰ উৎপাদন আৰু বিতৰণ ব্য়ৱস্থাৰ সুফলবোৰ সমানে উপভোগ কৰাৰ অধিকাৰ থাকে।

সমাজবাদৰ চাৰিটা বৈশিষ্ট্য হৈছে 一

(i) সমাজবাদী আৰ্থিক ব্য়ৱস্থাত দেশৰ সম্পদৰাজিৰ মালিকীস্বত্ব সমাজৰ হাতত থাকে।

(ii) ব্য়ক্তিগত লাভ বা মুনাফাৰ কথা ইয়াত জড়িত নাথাকে। ইয়াত সম্পদৰ ব্য়ৱহাৰ কৰোঁতে সামূহিক স্বাৰ্থ আৰু কল্য়াণৰ প্ৰতি লক্ষ্য় ৰখা হয়।

(iii) সমাজবাদী আৰ্থিক ব্য়ৱস্থাত দেশৰ সম্পদৰাজিৰ অৰ্থনৈতিক পৰিকল্পনাৰ যোগেদি ব্য়ৱহাৰ কৰা হয়।

(iv) সমাজবাদী অৰ্থনীতিত কেন্দ্ৰীয়ভাৱে মূল্য় নিৰ্ধাৰণ কৰা হয়।

4. মিশ্ৰ অৰ্থনীতি কি? মিশ্ৰ অৰ্থনীতিৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ আৰ্থিক কাম-কাযৰ ক্ষেত্ৰত ব্য়ক্তিৰ স্বাধীনতা আৰু নিয়ন্ত্ৰণ ব্য়ৱস্থা দুয়োটাৰে সহৱস্থানৰ ভিত্তিত উদ্ভৱ হোৱা অৰ্থব্য়ৱস্থাকে মিশ্ৰ অৰ্থনীতি বোলে।

মিশ্ৰ অৰ্থনীতি চাৰিটা বৈশিষ্ট্য় হৈছে 一

(i) মিশ্ৰ অৰ্থনীতিত ৰাজহুৱাখণ্ডৰ প্ৰভাৱ বেছি আৰু এই খণ্ডই কিছুমান গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণ কৰে। 

(ii) মিশ্ৰ অৰ্থনীতিৰ এক অপৰিহাৰ্য অংগ হ'ল অৰ্থনৈতিক পৰিকল্পনা। সকলো কাৰ্যকলাপ পৰিকল্পনাৰ লক্ষ্য়সমূহে নিৰ্ধাৰণ কৰে।

(iii) এই অৰ্থনীতিৰ পৰিকল্পনা গণতান্ত্ৰিক পৰিকল্পনা।

(iv) এই অৰ্থনীত ব্য়ক্তিগত লাভালাভৰ ঠাইত সামাজিক কল্য়াণ সাধনেহে অধিক গুৰুত্ব লাভ কৰে।

5. ভাৰতত কি অৰ্থব্যৱস্থা প্ৰচলিত ?সেই অৰ্থব্যৱস্থাত কি অসুবিধাৰ কথা আহিব পাৰে?

উত্তৰঃ ভাৰতত মিশ্ৰ অৰ্থব্যৱস্থা প্ৰচলিত। সেই ব্য়ৱস্থাত ব্য়ক্তিগত আৰু ৰাজহুৱা খণ্ডৰ মাজত সমন্বয়ৰ অভাৱ ঘটিব পাৰে, যাৰ ফলত বিশৃংখলতাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।

6. চমুটোকা লিখাঁ।

a. অৰ্থনৈতিক ব্যৱস্থাঃ এখন দেশৰ উৎপাদন, বিতৰণ আৰু উপভোগৰ লগত জড়িত হৈ থকা বিভিন্ন অনুষ্ঠানবোৰক একগোঠভাৱে অৰ্থনৈতিক ব্য়ৱস্থা বোলে। অৰ্থনৈতিক ব্য়ৱস্থাই কিছুমান নিয়ম আৰু কৌশলৰ সহায়ত দেশৰ সম্পদৰাজি সমাজৰ কল্য়াণৰ কাৰণে ব্য়ৱহাৰ কৰে। দেশৰ অৰ্থব্য়ৱস্থাই চাৰিটা সমস্য়া সমাধান কৰিবলগীয়া হয়। সমস্য়াকেইটা হ'ল এখন দেশে কি উৎপাদন কৰিব, কেনেকৈ উৎপাদন কৰিব, উৎপাদিত দ্ৰব্য় কেনেকৈ বিতৰণ কৰিব আৰু ভৱিষ্য়তৰ অৰ্থে কি ব্য়ৱস্থা গ্ৰহণ কৰিব। একোখন দেশ এটা নিৰ্দিষ্ট অৰ্থনৈতিক ব্য়ৱস্থাৰ দ্বাৰা পৰিচালিত হয়। অৰ্থনৈতিক ব্যৱস্থাসমূহক তিনিটা ভাগত ভগাব পাৰি আৰু সেইকেইটা হৈছে 一 পুঁজিবাদ, সমাজবাদ আৰু মিশ্ৰ অৰ্থনীতি।

b. পুঁজিবাদঃ যি অৰ্থনৈতিক ব্য়ৱস্থাত ব্য়ক্তিগত সম্পত্তিৰ প্ৰাধান্য় দেখা যায় আৰু যি ব্য়ৱস্থাত কেৱল মুনাফা অৰ্জনৰ বাবে উৎপাদন কাৰ্য পৰিচালিত হয়, সেই অৰ্থ ব্য়ৱস্থাই হৈছে পুঁজিবাদ। পুঁজিবাদী অৰ্থব্য়ৱস্থাত সৰ্বোচ্চ লাভ অৰ্জন কৰাটোৱেই এটা মূল লক্ষ্য়।

c. সমাজবাদঃ যি অৰ্থনৈতিক ব্য়ৱস্থাত কোনো ব্য়ক্তিগত সম্পত্তি থাকিব নোৱাৰে, সকলো উৎপাদন ব্য়ৱস্থা, সা-সম্পত্তি ৰাষ্ট্ৰৰ বুলি গণ্য় কৰা হয় আৰু দেশৰ উৎপাদন আৰু বিতৰণ ব্য়ৱস্থাৰ সুফলবোৰ সমানে উপভোগ কৰাৰ অধিকাৰ থাকে। সমাজবাদে সকলোৰে বাবে সমান অধিকাৰ সাব্য়স্ত কৰে। এই আৰ্থিক ব্য়ৱস্থাই ক্ষিপ্ৰ অৰ্থনৈতিক উন্নয়ন সম্ভৱ কৰি তোলে। 

d. মিশ্ৰ অৰ্থনীতিঃ আৰ্থিক কাম-কাযৰ ক্ষেত্ৰত ব্য়ক্তিৰ স্বাধীনতা আৰু নিয়ন্ত্ৰণ ব্য়ৱস্থা দুয়োটাৰে সহৱস্থানৰ ভিত্তিত উদ্ভৱ হোৱা অৰ্থব্য়ৱস্থাকে মিশ্ৰ অৰ্থনীতি বোলে। এই অৰ্থনীতিত পুঁজিবাদ আৰু সমাজবাদৰ অসুবিধাবোৰ আঁতৰ কৰি সুবিধাবোৰ সুনিশ্চিত কৰিবলৈ ব্য়ৱস্থাৱলী গ্ৰহণ কৰা হয়।

**********

Post a Comment

Previous Post Next Post